বিৰাগ



সকলো আকাংক্ষা মৰহি থাকে
বিশৃংখল শব্দৰ ধাৰাসাৰ আক্রমণত
সেউজ সময়ৰ দস্তাবেজ মোহাৰ খাই যায়
তপত অশ্রুকণাৰ হিমশীতল আৱাহনত

বৰষাৰ ক্লান্তিত লাহেকৈ খহে
সপোনৰ অকণি আলয়
থানবান আগ্রহৰ ধূলিকণাত পৰি ৰয়  
তেওঁৰে ভাস্কর্য্য খোদিত এখন হৃদয়

এবেলিৰ মছগুল সময়ক সোধা নহয়
ভালপোৱাৰ এনাজৰিডাল ক’ৰ পৰা ক’লৈ বয়
সিক্ত প্রহৰৰ প্রসহনৰ মালিতাডাল যে
অনন্ত কাললৈ মুখৰ হৈ ৰয়